অস্বাভাৱিক গৰমে দহিছে ৰাজ্যবাসীক

114

আহিন মাহত অস্বাভাৱিক গৰমে দহিছে ৰাজ্যবাসীক, আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান ।আজিৰ পুৱাৰ ৭.৩০ বজাৰ পৰা দুয়োখন জিলাৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছে । ৰাজ্যৰ অস্বাভাৱিক গৰমৰ প্ৰকোপৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দিনৰ ১২.৩০ বজালৈকে বিদ্যালয়ৰ পাঠদান চলিব বুলি জাননীখনত উল্লেখ কৰিছে প্ৰশাসনে । ইয়াৰ সমান্তৰালভাৱে এই নিৰ্দেশনা সকলো চৰকাৰী আৰু বে-চৰকাৰী শিক্ষানুষ্ঠান সমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ।প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ কামৰূপ মহানগৰ আৰু কাছাৰ জিলাত বিদ্যালয়ৰ পাঠদানৰ সময় আজিৰে পৰা সলনি কৰা হৈছে । যোৱা শুকুৰবাৰে দুয়োখন জিলাৰ প্ৰশাসনে জাৰি নিৰ্দেশনাৰ অনুসৰি,আজিৰে পৰা দুয়োখন জিলাৰ সকলো বিদ্যালয়ত পুৱা ৭:৩০ বজাৰ পৰা পাঠদান আৰম্ভ হৈছে । পৰৱৰ্তী জাননী নিদিয়ালৈকে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময় মতেই বিদ্যালয়ৰ পাঠদান অব্যাহত থাকিব ।