অসুস্থ নাছিৰুদ্দিন শ্বাহ, হাস্পতালত ভৰ্তি

154

তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী, পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে সন্মানিত অভিনেতা নাছিৰুদ্দিন শ্বাহ হাস্পতালত ভৰ্তি হৈ আছে। নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ মঙলবাৰে মুম্বাইৰ হিন্দুজা হাস্পতালত চিকিৎসাধীন হয় অভিনেতাগৰাকী। ৭০ বৰ্ষীয় অভিনেতাগৰাকী বৰ্তমান কিছু সুস্থ হৈ উঠা বুলি জানিবলৈ দিছে চিকিৎসকে।

উল্লেখ্য যে, দুৰ্দান্ত অভিনয়ৰে হিন্দী ছবিজগতত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা নাছিৰুদ্দিন শ্বাহৰ অসুস্থতাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে তেওঁৰ অসংখ্য অনুৰাগীয়ে আশু আৰোগ্য কামনা কৰিছে। বলীউডৰ নামী-দামী কলা-কুশলী সকলেও অভিনেতাগৰাকীৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছে।