অসুস্থ জুবিন গাৰ্গ! হাস্পতালত ভৰ্তি

134

মঙলবাৰে নিশা অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক। মঙলবাৰে দুপৰীয়া বাথৰুমত পৰি অচেতন হৈ পৰে কণ্ঠশিল্পী গৰাকী।

ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুুবিনক। ডিব্ৰুগড়ৰ মনোহৰি ৰিজৰ্টত আছিল কণ্ঠশিল্পী গৰাকী।

চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, এতিয়া তেওঁ সুস্থিৰ হৈ পৰিছে।

সঞ্জীৱনী হাস্পতালৰ চিকিৎসক গৰাকীয়ে কয় যে এতিয়া কণ্ঠশিল্পী গৰাকী সুস্থিৰ হৈ পৰাত চিন্তাৰ বিষয় নাই। “আমি পৰীক্ষা সম্পন্ন কৰিছো আৰু ফলাফল অপেক্ষা কৰি আছে। আজি তেওঁ ভৰ্তি হ’ল আৰু সকলো ঠিক হ’লে আমি সন্ধিয়াৰ ভিতৰত তেওঁক ডিচচাৰ্জ কৰিম।”

যোৱা বছৰো তেওঁ অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

তেওঁ উচ্চ ৰক্তচাপত ভুগি আছিল যাৰ বাবে তেওঁ এটা কাৰ্যসূচীৰ সময়ত মূৰ্চ্ছা যায়।