অসুস্থ কপিলদেৱ, চিকিৎসালয়ত ভৰ্তি

95

ডিজিটেল ডেস্কঃ অসুস্থ ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক কপিলদেৱ। হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত শুকুৰবাৰে দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰা হৈছে হাৰিয়ানাৰ হাৰিকেনৰূপে খ্যাত অলৰাউণ্ডাৰগৰাকীক।

দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল ক্ৰিকেটাৰগৰাকী। কিন্তু শুকুৰবাৰে হঠাৎ তেওঁ হৃদৰোগত আক্ৰান্ত হোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে চিকিৎসকেও। অৱশ্যে ক্ৰিকেটাৰ গৰাকীৰ বৰ্তমানৰ স্বাস্থ্যৰ বিষয়ে জানিব পৰা হোৱা নাই।