বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ অসম ৰাজ্যিক বটানিকেল গাৰ্ডেন তথা চিৰিয়াখানাত এটা জিৰাফৰ মৃত্যু হয়। ২০২০ চনত মহীশূৰৰ পৰা অনা জিৰাফটোৰ কালি নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু ঘটে।
বাতৰি অনুসৰি, ২০২০ চনত মহীশূৰৰ পৰা দুটা জিৰাফ অনা হৈছিল। কিন্তু এবছৰৰ পিছত ‘বিজয়’ নামৰ এটা জিৰাফৰ মৃত্যু ঘটে।
জিৰাফটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
জিৰাফটো ২০২০ চনত মহীশূৰৰ চামাৰাজেন্দ্ৰ জু লজিকেল পাৰ্কৰ পৰা গুৱাহাটী চিৰিয়াখানালৈ অনা হৈছিল।
আঠ বছৰৰ পিছত অসম চিৰিয়াখানাই তিনিটা জিৰাফ পাইছিল- এটা পাটনাৰ পৰা আৰু দুটা মহীশূৰৰ পৰা।
এক বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে, দুবছৰ আগতে পাটনাৰ সঞ্জয় গান্ধী জয়ভিক উদিয়ানৰ পৰা অসম চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনলৈ এটা মাইকী জিৰাফ অনা হৈছিল।
বিনিময় কাৰ্যসূচীটো দিল্লীৰ কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত হৈছিল।
বিভাগীয় বন বিষয়া তেজছ মাৰিস্বামীয়ে কয় যে আঠ বছৰৰ পিছত এটা জিৰাফ অসম চিৰিয়াখানালৈ অনা হৈছে।
