ডিজিটেল ডেস্কঃ অসম ৰাইফলছে ত্ৰিপুৰা আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই ৩৮৬ কেজি গাঞ্জা জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।
অসম ৰাইফলছৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ত্ৰিপুৰাৰ ধলাই জিলাৰ মুংগিয়াকামি আৰক্ষী থানা এলেকাৰ পৰা মহাপৰিদৰ্শক অসম ৰাইফলছৰ (পূব) তত্বাৱধানত ২১ ছেক্টৰ অৱ অসম ৰাইফলছৰ ৰাধাননগৰ বেটেলিয়নে ১.৫ কোটি টকাৰ ৩৮৬ কেজি গাঞ্জা জব্দ কৰে।
আনহাতে এই বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহৰ অভিযোগত আটক কৰা হয় লালন ৰয় নামৰ এজন ব্যক্তিকো।
বিবৃতি অনুসৰি ব্যক্তি, বাহন আৰু জব্দ কৰা গাঞ্জাখিনি মুংগিয়াকামি থানাত গতাই দিয়া হয়।
অধিক তদন্ত অব্যাহত আছে।
প্ৰেছ বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে, “অসম ৰাইফলছ ড্ৰাগছমুক্ত সমাজৰ প্ৰতি দায়বদ্ধ”।
