অসম-মিজোৰামৰ সীমা সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্রীৰে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

149

অসম-মিজোৰাম সীমা বিবাদ সম্পৰ্কত আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰৰ পৰা দিল্লীত বাহৰ পাতি থকা হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়।

ইফালে সোমবাৰে ৰাজ্যৰ অন্যান্য সাংসদসকলেও গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অন্য কেন্দ্ৰীয় মন্ত্ৰীসকলকো সাক্ষাৎ কৰে। উত্তৰ-পূবত শান্তি বাহাল ৰখাৰ স্বাৰ্থতে এই বৈঠকৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে।