অসম মালা আচঁনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি

89

অসম মালা আচঁনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি। দলগাওত
নিম্নমাণৰ কাম কৰাৰ অভিযোগ দুৰ্নীতিগ্রস্ত ঠিকাদাৰৰ বিৰূদ্ধে ওলাই আহিল ৰাইজ।
বিজেপি নেতৃত্বাধীন হিমন্তৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই সংস্কাৰৰ চেষ্টা নকৰক কিয় একাংশ দুৰ্নীতি গ্রস্ত ঠিকাদাৰৰ গা এতিয়াও লৰাব পৰা নাই। হিমন্তৰ ৰঙা চকুলৈ তিল পৰিমাণো কেৰেপ নকৰে একাংশ দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰে । চৰকাৰক বৃদ্ধাংগুষ্ট দেখুৱাই বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত চলাই গৈছে দুৰ্নীতি। উল্লেখ্য যে ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে দলগাৱঁৰ পৰা শিঙৰী সংযোগী অসম মালা আচঁনিৰ অধিনত পথ নিৰ্মাণৰ কামত চৰকাৰে আবন্টন দিছে কোটি কোটি টকা। উক্ত পথ নিৰ্মাণৰ কামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। চৰকাৰী প্ৰাক:কলন উলংঘা কৰি অব্যাহত ৰাখিছে পথ নিৰ্মাণ কাৰ্য্য। অৱশেষত দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰৰ বিৰূদ্ধে ওলাই আহিল ৰাইজ। পথটো বহল কৰাৰ পৰিৱৰ্তে ঠিকাদাৰে ঠেক কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে । ইতিমধ্যে জিলা প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী তদাৰকী কোষলৈ লিখিত অভিযোগ দাখিল কৰিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ ।উক্ত দুৰ্নীতি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে স্থানীয় ৰাইজে।