অসম ভ্ৰমণলৈ আহি কি কি প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে

85

অসম ভ্ৰমণৰত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনীয়া গান্ধী তনয়া প্ৰিয়ংকা গান্ধীয়ে উজনি অসমৰ ভিন্ন কাৰ্যসূচীত অংশ লয়৷ প্ৰিয়ংকা গান্ধীয়ে মঙলবাৰে তেজপুৰত এখন বিশাল সভাত অংশ লৈ অসমৰ নাগৰিকক ৫টা বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰে। প্ৰিয়ংকাই নাগৰিকত্ব সংশোধনী আইন বাতিল, ৫ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি, চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকা, প্ৰতিটো পৰিয়ালে ২০০ ইউনিট বিদ্যুৎ সেৱা বিনামূলীয়া কৰাৰ লগতে গৃহিণীক প্ৰতিমাহে ২ হাজাৰ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷