অসম বিধানসভাৰ ৰাজহুৱা সমিতিয়ে বিভিন্ন আঁচনিৰ কাম কাজৰ পৰিদৰ্শন কৰে

250

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিয়ে আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টি ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ আঁচনিৰ কাম-কাজৰ চৰজমিন পৰিদৰ্শন। এই পৰিদৰ্শন কালত অসম বিধান সভাৰ সদস্য ক্ৰমে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভবেন্দ্ৰ নাথ ভৰালী, ৱাজেদ আলি চৌধুৰী, বসন্ত দাস, কমলাক্ষ্য দে পুৰকায়স্থ, উৎপল বৰা, চক্ৰধৰ গগৈ, গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰীকে আদি কৰি আঠ গৰাকী বিধায়কে বটদ্ৰৱা সমষ্টিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসিঞ্চন বিভাগ, মীন বিভাগ, সমাজ কল্যাণ বিভাগ, লোকনিৰ্মান বিভাগৰ আচঁনি সমূহ পৰিদৰ্শন কৰাৰ উপৰিও বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ নিৰ্মাণ চলি থকা ১৮৮ কোটি টকাৰ বটদ্ৰৱা প্ৰকল্পৰ কাম কাজ সমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত সমিতিৰ সদস্য সকলে বটদ্ৰৱা থানত প্ৰৱেশ কৰি কীৰ্তনঘৰত মূৰ দোৱাই সমিতিৰ হৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নগাঁও জিলাৰ বিভিন্ন বিভাগৰ কাম কাজ সুকলমে হৈছে নে নাই, কিবা ক্ৰূতি বিচ্ছুতি আছে নেকি, কিবা আধৰুৱা আছে নেকি? এই সমূহ পৰিদৰ্শন কৰা হব বুলি মন্তব্য প্ৰকাশ কৰে। লগতে তেওঁ, বটদ্ৰৱা থানত চলি থকা কাম সমূহৰ লগতে নগাঁও জিলাত অংগনবাদী কেন্দ্ৰত যি ধৰণে পৰিপাটি হব লাগে, এই ক্ষেত্ৰত কিছু আসোঁৱাহ আছে, আমি আসোঁৱাহ দেখা পাইছো।বুলি মন্তব্য প্ৰদান কৰে।