অসম চৰকাৰৰ মন্ত্ৰীৰ বৈঠকৰ মাজতে পুনৰ উত্তপ্ত হৈ পৰিল লাইলাপুৰ

115

গুৱাহাটীঃ অসম-মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত পুনৰ বৃদ্ধি পাইছে উত্তেজনা। উল্লেখ্য যে, পূৰ্বে এই স্থানত মিজো দুৰ্বৃত্ত আৰু আৰক্ষীৰ গুলীবৰ্ষণত ৬ গৰাকী অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে অৰ্ধশতাধিক জোৱান আৰু স্থানীয় লোক আহত হৈছিল। তাৰ পিছতে লাইলাপুৰত প্ৰতিবাদত নামিছিল স্থানীয় ৰাইজে। কিন্তু শেহতীয়াকৈ অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ বাবে লাইলাপুৰত অসম চৰকাৰৰ মন্ত্ৰী উপস্থিত হোৱাৰ পিছতে পুনৰ উত্তেজনাই বিৰাজ কৰে সীমান্তৱৰ্তী অঞ্চলটোত।

শনিবাৰে লাইলাপুৰত মিজোৰাম অভিমুখী কেইবাখনো বাহনত আক্ৰমণ চলায় স্থানীয় প্ৰতিবাদকাৰী ৰাইজে। প্ৰতিবাদকাৰীয়ে বাহনলৈ শিলাবৰ্ষণ কৰাৰ লগতে মানুহৰ ওপৰতো আক্ৰমণৰ চেষ্টা চলায়। প্ৰণিধানযোগ্য যে, অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহালৰ বৈঠকৰ মাজতে সংঘটিত হয় এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ। মন্ত্ৰী দুগৰাকীয়ে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ বাবে প্ৰতিবাদকাৰী স্থানীয় ৰাইজৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতে একাংশ ৰাইজে সৃষ্টি কৰে উত্তেজনাময় পৰিস্থিতিৰ। পিছত ঘটনাস্থলীত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।