অসম চৰকাৰৰ চিন্তন শিৱিৰত অংশগ্ৰহণৰ বাবে উপস্থিত সদগুৰু জগী বাসুদেৱ

327

অসম চৰকাৰে আয়োজন কৰা তিনিদিনীয়া চিন্তা শিৱিৰত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে কাজিৰঙাত উপস্থিত হয় সদগুৰু নামেৰে পৰিচিত যোগ আৰু আধ্যাত্মিক গুৰু জগী বাসুদেৱ।

শনিবাৰে বিয়লি কাজিৰঙাত সদগুৰুক আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, কাজিৰঙাত ৩ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাজ্য চৰকাৰৰ চিন্তন শিৱিৰ।

এই চিন্তন শিৱিৰৰ উদ্বোধন কৰে ঈশা ফাউণ্ডেশ্যনৰ সদগুৰু জগী বাসুদেৱে।

কাজিৰঙাত অনুষ্ঠিত হ’বলগীয়া শিৱিৰত সকলো মন্ত্ৰী, বিজেপিৰ বিধায়ক আৰু উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰি অসমৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি ভৱিষ্যতে এক কাৰ্য্যপন্থা চক আউট কৰিব।