অসম কভিড ১৯ সংক্ৰমণ প্ৰতিৰোধ নিয়মাৱলী

60

ষ্টাফৰিপোৰ্টাৰ, ৭ মে’ : অসম কভিড ১৯ সংক্ৰমণ প্ৰতিৰোধ নিয়মাৱলী ২০২০ ৰ আধাৰত চৰকাৰে দোকান পোহাৰ চলোৱাৰ বাবে কিছুমান বিশেষ নিয়ম সতৰ্কতাৰে পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে। ক’ৰ’ণাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আমি সকলোৱে সচেতন হব লাগিব।
নিয়ম বিলাক মানি নচলিলে সকলোৰে বিপদ।
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, সুলভ মূল্যৰ দোকান, খোৱা সামগ্ৰী বিক্ৰী কৰা দোকান আদিত আমি নিয়মীয়া পৰিদৰ্শন কৰি তলৰ বিধি বিধান কঠোৰভাৱে বলবৎ কৰিবলৈ বাধ্য হৈছোঁ –
১) প্ৰতি দোকানী, দোকানৰ কৰ্মচাৰী, গ্ৰাহকে মুখাবৰণ (মাক্স) পৰিধান কৰিব লাগিব।
২) দোকানৰ পৰা সামগ্ৰী লবলৈ যোৱাৰ পূৰ্বে গ্ৰাহকে চাবোনেৰে বা বীজাণুনাশক দ্ৰব্যৰে হাত দুখন পৰিষ্কাৰ কৰি লোৱাটো বাধ্যতামূলক।
৩) হাতমোজা ব্যৱহাৰ কৰি ধনৰ লেনা দেনা, সামগ্ৰীৰ বেচা কিনা কৰিব লাগিব। ডিজিটেল মাধ্যমত ধনৰ লেনা দেনা কৰিবলৈ সকলোকে আহ্বান জনোৱা হৈছে।
৪)দোকানৰ ভিতৰত গ্ৰাহকৰ সমাগম কৰা, দুজন ব্যক্তিৰ মাজৰ ব্যৱধান নূন্যতম একমিটাৰ নৰখা, ঢাকনিৰে আবৃত আধাৰত সামগ্ৰী নৰখা, হাত ধোৱাৰ ব্যৱস্থা নথকা দোকান পোহাৰ আমি তলাবন্ধ কৰিবলৈ বাধ্য হম। সামগ্ৰী জব্দ কৰি নিলাম কৰা হব।
৫) সন্ধিয়া পাচঁ বজাৰ পিছত দোকান পোহাৰ খোলা পালে তলা লগাই দিয়া হব আৰু লকডাউন শেষ নোহোৱা পৰ্যন্ত এনে দোকান বন্ধ হৈ থাকিব।
৬) গোলাঘাট সদৰ মহকুমা এলেকাত চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ সকলোতে এই কথা প্ৰযোজ্য হব।
গোলাঘাট জিলাৰ প্ৰতিজন লোকৰ সুৰক্ষা, নিৰাপত্তা আৰু সুস্বাস্থ্যৰ নিশ্চিতকৰণৰ বাবে এই নিয়ম সমূহ পালন কৰিবলৈ আহ্বান জনাইছো।
অসম চৰকাৰ, গোলাঘাট জিলা প্ৰশাসনে সদায় ৰাইজৰ সুবিধাৰ্থে ন ন পদক্ষেপ গ্ৰহণ কৰিছে।
ৰাইজৰ সহযোগিতা আছে বাবেই আমি সকলোবোৰ প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰিব পাৰিছোঁ।
সকীয়ণি সেইসকলৰ বাবেহে, যি সকলক হাত যোৰ কৰিও কথা মনাবলৈ দিগদাৰ।