অসম এৰি এইবাৰ সদুৰ দিল্লীৰ যন্তৰ মন্তৰ কঁপালে আমছুয়ে

208

অসম এৰি এইবাৰ সদুৰ দিল্লীৰ যন্তৰ মন্তৰ কপালে আমছুয়ে ।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে দিল্লীৰ জন্তৰ-মন্তৰত অমানৱীয় উচ্ছেদ বন্ধ আৰু পুনৰ সংস্থাপনৰ দিয়া ধৰ্মীয় অনুষ্ঠানৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰাৰ লগতে মুঠ বাৰদফীয়া দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

সংখ্যালঘু লোকৰ ওপৰত অমানৱীয় উচ্ছেদ বন্ধ কৰক,উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়ক, মাদ্ৰাছা ভঙা বন্ধ কৰক,অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায়,হায় আদি বিভিন্ন শ্লোগান দি দিল্লীৰ যন্তৰ মন্তৰ কপাই তোলে।উক্ত প্ৰতিবাদী কাৰ্যসূচীত অমসৰ আমছুৰ ৫ শতাধিক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।