অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰলৈ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ পদক…

191

গণৰাজ্য দিৱস উদযাপনৰ উপলক্ষে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰক ২৬ জানুৱাৰীত বিশিষ্ট সেৱাৰ বাবে সন্মানীয় ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হ’ব। এই সন্মানীয় বঁটা লাভ কৰিবলৈ দেশৰ ১০২ গৰাকী বিষয়াৰ ভিতৰত থাকিব সুৰেন্দ্ৰ কুমাৰ। ১০২টা ৰাষ্ট্ৰপতিৰ পদক বিশিষ্ট সেৱাৰ (পিএছএম)ৰ ভিতৰত ৯৪টা আৰক্ষী সেৱা, ০৪টা অগ্নিনিৰ্বাপক সেৱা আৰু ০৪টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাক প্ৰদান কৰা হৈছে।

ইফালে, ৬৬৭ জনৰ ভিতৰত অসমৰ ১৪ জন ব্যক্তিয়ে লাভ কৰিব ‘মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচ’। ৭৫৩টা মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচৰ ভিতৰত ৬৬৭টা মেডেল আৰক্ষী সেৱা, ৩২টা অগ্নিনিৰ্বাপক সেৱা, ২৭টা চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড চাৰ্ভিচ আৰু ২৭টা কাৰেকচনেল চাৰ্ভিচক প্ৰদান কৰা হৈছে।

অসমৰ পৰা ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলগীয়া ব্যক্তিসকল হৈছে- জয়ন্ত সাৰথি বৰা, ডিচিপি (ট্ৰেফিক), চিদানন্দ বৰা, ডিএছপি, অসীম কুমাৰ দে, ডি এছ পি, বলণ্ডাউ ফংলো, নাইক (এবি), পৰিক্ষিত গন্ধিয়া, হাবিল্ডাৰ, সঞ্জয় কুমাৰ দাস, ইউ বি চি, নীলকমল শুক্লবৈদ্য, এ বি চি/৪১৩, জুনুমনি ডেকা বৰা, ডব্লিউ পি চি (ইউ বি), ধৰ্মেন্দ্ৰ শইকীয়া, এ এছ আই (ইউ বি), চক্ৰধৰ দাস, লেন্স নাইক (এ বি ), প্ৰণৱ বৰা, এ এছ আই (ইউ বি), বিজয়ন্ত দাস, এ এছ আই (ডব্লিউ অ’/ডব্লিউ টি), ৰাজেশ কুমাৰ ওঝা, ইউ বি চি, নিলিমা দাস, ইউ বি চি।