জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে পুনৰ এবাৰ বৃহৎ ৰদবদল কৰা হ’ল অসম আৰক্ষীত। এইবাৰ নগাঁও জিলাৰ ১৭ গৰাকী আৰক্ষী বিষয়াক বিভিন্ন স্থানলৈ কৰা হৈছে বদলি।
বদলি আৰু পদবীৰ বাবে জিলা পৰ্যায়ৰ ব’ৰ্ডৰ সিদ্ধান্ত অনুসৰি আৰু অসম আৰক্ষী আইন ২০০৭ৰ ৪৬ নং ধাৰাত প্ৰদান কৰা ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত নগাঁও আৰক্ষী অধীক্ষক নবনীত মহন্তই এই বদলিৰ নিৰ্দেশ জাৰি কৰিছে।
বদলি হোৱা আৰক্ষী বিষয়াসকল হৈছে-
১. চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োক ধিঙলৈ বদলি কৰা হৈছে।
২. ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰছাদক কচুৱালৈ বদলি কৰা হৈছে।
৩. কচুৱা থানাৰ আনন্দ মেধিক চামগুৰিলৈ বদলি কৰা হৈছে।
৪. জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাক কামপুৰলৈ বদলি কৰা হৈছে।
৫. কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিৰাম কলিতাক ৰহালৈ বদলি কৰা হৈছে।
৬. জুৰীয়া থানাৰ মুন্না পাছনীক বদলি কৰা হৈছে জখলাবন্ধালৈ।
৭. লাওখোৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু দাসক জুৰিয়ালৈ বদলি কৰা হৈছে।
৮. উলুৱনি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈক খাটোৱাললৈ বদলি কৰা হৈছে।
৯. ৰহা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকাক জাজৰিলৈ বদলি কৰা হৈছে।
১০. জাজৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰাক উলুৱনিলৈ বদলি কৰা হৈছে।
১১. খাটোৱাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ গগৈক পুৰণিগুদামলৈ বদলি কৰা হৈছে।
১২. বাগৰি থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক অজিত সোণোৱালক ইটাচলিলৈ বদলি কৰা হৈছে।
১৩. ইটাচলি থানাৰ জগদীশ কলিতাক হয়বৰগাঁওলৈ বদলি কৰা হৈছে।
১৪. ননৈ থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক বিভুতি থাপাক মৰিকলংলৈ বদলি কৰা হৈছে।
১৫. বেবেজীয়া থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক সঞ্জীব লাহনক বাগৰিলৈ বদলি কৰা হৈছে।
১৬. ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ফিৰোজ দলেক লাওখোৱালৈ বদলি কৰা হৈছে।
১৭. পুৰণিগুদাম থানাৰ সিমন্ত ৰায়ক বেবেজীয়ালৈ বদলি কৰা হৈছে।
