ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্য চৰকাৰক ৰাজ্যিক দুর্যোগ সঁহাৰি পুঁজিৰ কেন্দ্রীয় অংশৰ প্রথম কিস্তি লাভ কৰি আনন্দ প্রকাশ কৰাৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰে৷ চলি থকা বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যখনক সহায় কৰিবলৈ ৩২৪ কোটি টকা ধাৰ্য কৰা হয়।
এই পুঁজিৰ জৰিয়তে ক্ষতিগ্ৰস্ত নাগৰিকসকলক সময়মতে সাহায্য আৰু পুনৰ্বাসন সুনিশ্চিত কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়৷
ইফালে, বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়ৰ বিষয়াৰ এটা প্ৰতিনিধি দলে গুৱাহাটীত উপস্থিত হৈ ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা বানপানী আৰু ভূমিস্খলনৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন সন্দৰ্ভত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়।
ৰাজ্যখনৰ ২৪৭খন গাঁৱৰ ৩ লাখৰো অধিক লোক এই বছৰ বানপানীত ক্ষতিগ্ৰস্ত হৈছে।
এ এছ ডি এম এৰ প্ৰতিবেদন অনুসৰি, এটা ফলপ্ৰসূ ক্ষতিৰ মূল্যায়ন ত্বৰান্বিত কৰিবলৈ আই এম চি টিৰ সদস্যসকলক সংশ্লিষ্ট ক্ষতিগ্ৰস্ত জিলাসমূহ ভ্ৰমণ কৰাৰ বাবে দুটা গোটত বিভক্ত কৰা হ’ব বুলি আলোচনা কৰা হৈছিল।
বানপানীৰ প্ৰতিবেদন অনুসৰি যোৱা ২৪ ঘণ্টাত বানপানীত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু এতিয়া আজিলৈকে প্ৰথম পৰ্যায়ৰ বানপানীত মুঠ ৩০ জন (বানপানীত ২৫ জন আৰু ভূমিস্খলনত ৫ জন) লোকৰ মৃত্যু ঘটিছে। ১২খন জিলাৰ ৯৫৬খন গাঁৱৰ ৬১,১৪৯ জন হৈছে।
মুঠ ৪৭১৩৯.১২ হেক্টৰ শস্য অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সকলো ক্ষতিগ্ৰস্ত অঞ্চলতে ২৯৫ টা সাহায্য শিবিৰ আৰু ৭০ টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে। এই কেন্দ্ৰসমূহত মুঠ ৬৬,৮৩৬ জন বন্যাৰ্তই আশ্ৰয় লৈ আছে।
অসমৰ বান পৰিস্থিতি সংকটজনক হৈ ৰৈছে আৰু ৭খন জিলাত এতিয়াও ৫.৬১ লাখৰো অধিক লোকে বানপানীত ভুগি আছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান প্ৰতিবেদন অনুসৰি নগাঁও জিলাৰ কামপুৰ আৰু ৰহাত এজনকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে এইবাৰৰ বানপানী আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাবলগীয়া হোৱা লোকৰ মুঠ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে।
কাছাৰ, ডিমা হাচাও, হাইলাকান্দি, হোজাই, কাৰ্বি আংলং পশ্চিম, মৰিগাঁও আৰু নগাঁও জিলাত ৫,৬১,১০০ৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বুলি এ এছ ডি এম এয়ে প্ৰকাশ কৰিছে।
নগাঁও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৩.৬৮ লাখৰো অধিক লোকে ক্ষতিগ্ৰস্ত হৈছে, তাৰ পিছতে আছে কাছাৰত প্ৰায় ১.৫ লাখ লোক আৰু মৰিগাঁৱত ৪১ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।
