ঋতু পৰ্ণ শৰ্মা,নগাঁও:- ”অসম প্ৰৱাহ”কাকতৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে অসমৰ স্বনামধন্য প্ৰসিদ্ধ কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱালৈ আগবঢ়োৱা হৈছে ২০২১বৰ্ষৰ “অসম প্ৰৱাহ সাহিত্য বঁটা” ৷
এই সন্দৰ্ভত প্ৰতি শুকুৰবাৰে প্ৰকাশিত সাপ্তাহিক কাকতখনৰ সম্পাদক প্ৰণতি বৰাই ২০২১বৰ্ষৰ পৰা অসমৰ সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনলৈ বিশেষভাৱে অৱদান আগবঢ়াই অহা এগৰাকী বিশিষ্ট সাহিত্যিক আৰু সাংবাদিকক প্ৰতি বছৰে “অসম প্ৰৱাহ সাহিত্য বঁটা” আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰাৰ লগতে প্ৰতিবছৰে সালসলনিকৈ এগৰাকীকৈ ব্যক্তিক প্ৰদান কৰিবলৈ স্থিৰ কৰা এই বঁটা সাহিত্যৰ ক্ষেত্ৰত সৰ্ব প্ৰথমবাৰৰ বাবে যশস্বী গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাক প্ৰদান কৰিবলৈ পাই সুুখী হোৱাৰ লগতে প্ৰবীণ সাহিত্যিক গৰাকীয়ে আচলতে প্ৰাপ্য সন্মানৰ পৰা আজিও অৱহেলিত হৈ থকা বুলি অভিমত প্ৰকাশ কৰে ৷
সম্পাদক প্ৰণতি বৰাই “অসম প্ৰৱাহ” ক্ষুদ্ৰ কাকতখনৰ তৰফৰপৰা সাহিত্যিক গৰাকীলৈ আগবঢ়াবলৈ লোৱা এয়া তেনেই এটি সামান্য মৰম আৰু সন্মানৰ বাদে আন একো নহয় বুলি উল্লেখ কৰি আগন্তুক বছৰত অসমৰ সংবাদ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এগৰাকী সাংবাদিকলৈও “অসম প্ৰৱাহ” সাহিত্য বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷
এইবাৰ এই বঁটা ৰাজখোৱাক তেওঁৰ পহিলা মাৰ্চৰ ওপজা দিনটোতে নগাঁও জিলাৰ সাহিত্য সভাৰ “কমলাদেৱী টোদী ভৱন”ত দিনৰ এক বজাত প্ৰদান কৰা হ’ব আৰু সেইদিনা সাহিত্যানুৰাগী সকলোৰে উপস্থিতি সম্পাদক বৰাই আন্তৰিকতাৰে কামনা কৰিছে৷
উল্লেখ্য যে বঁটা গ্ৰহণ কৰিবলগীয়া ভদ্ৰেশ্বৰ ৰাজখোৱাই ১৯৪৪ চনত জন্ম গ্ৰহণ কৰি ১৯৬৮ চনতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ ইতিমধ্যে ৰাজখোৱাই ”ঢৌ খেলি ঢৌ খেলি”, ”বৰফ’’, ”শম্ভূধন ফংল’ছা” নামৰ উপন্যাসকেইখনৰ উপৰিও আন তিনিখন চুটি উপন্যাসৰ সংকলন ’’কলং বৈ যায়’’ প্ৰণয়ন কৰিছে ৷
একেদৰে ৰাজখোৱাৰ গল্প সংকলন সমূহৰ ভিতৰত ”এখন নতুন দলং”, ”মই বুজি পালো”, ”এদিন ক্লিয়’পেট্ৰাই কান্দিছিল” ”মা”, ’’তললৈ আৰু তললৈ”, ”কেম্পটী জলপ্ৰপাত’’, ”নাতি আৰু হাতী” আদি ৷ ”জালুকবাৰীৰ সুবাস’’ ৰাজখোৱাৰ এখন সুখপাঠ্য প্ৰবন্ধ সংকলন ৷
উল্লেখ্য যে একেৰাহে তিনিবাৰকৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ পদ অলংকৃত কৰা যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ ড° অমল ৰাজখোৱাই ”কথা সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱা’’ শীৰ্ষক এখনি সুদীৰ্ঘ জীৱনী গ্ৰন্থও ২০১৬ চনত প্ৰণয়ন কৰে ৷ ”সুগন্ধি জীৱন’’ নামেৰে ৰাজখোৱাক কেন্দ্ৰ কৰি তিনিখনকৈ অভিনন্দন গ্ৰন্থও ইতিমধ্যে প্ৰকাশ হোৱা এইগৰাকী সন্মানীয় লেখকৰ প্ৰায় চাৰিশ পৃষ্ঠাযুক্ত ’’ভদ্ৰেশ্বৰ ৰাজখোৱাৰ নিৰ্বাচিত গল্প সম্ভাৰ মোৰ গাঁও মোৰ দেশ’’ অসমৰ বিশিষ্ট কবি,লেখক ড° নন্দ সিং বৰকলাই নিৰ্বাচন কৰা গল্পৰ সংকলনখন প্ৰকাশ হয় ২০১৮ চনত ৷
বয়োজ্যেষ্ঠ সাহিত্যিকলৈ “অসম প্ৰৱাহ” সাহিত্য বঁটা আগবঢ়াবলৈ পাই কাকত কৰ্তৃপক্ষ আনন্দিত । “অসম প্ৰবাহ” বঁটাত আছে ফুলাম গামোচা, চেলেং, জাপি, সন্মান পত্ৰ, ট্ৰফী আৰু নগদ দহ হাজাৰ টকা ৷