মহান দেশপ্ৰেমিক, স্বাধীনতা সংগ্ৰামী, দেশৰ স্বাধীনোত্তৰ কালৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, “ভাৰত ৰত্ন” লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ওপজা দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰদ্ধাৰে সোৱৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমৰ জড়িয়তে কয় “তেওঁৰ দূৰদৰ্শিতা, বিচক্ষণতা, আৰ্থ-সামাজিক দিশত সবল নীতি আৰু গভীৰ চিন্তাধাৰাই এখন উন্নত তথা সমৃদ্ধিশালী অসম গঢ়াত আমাক সদায়েই প্ৰেৰণা যোগাই যাব।”
