অসমৰ নাট্য আন্দোলনৰ পুৰোধা ব্যক্তি নেত্ৰ কমল বৰঠাকুৰৰ ৮৬ সংখ্যক ওপজা দিন উদযাপন

150

ঋতু পৰ্ণ শৰ্মা, নগাঁও:- বিগত শতিকাৰ ষাঠি, সত্তৰ আৰু আশী দশকৰ অসমৰ নাট্য আন্দোলনৰ অন্যতম পুৰোধা ব্যক্তি তথা নগাঁও জিলাৰ হাতীচোং মৌজাৰ ব্ৰাহ্মণগাঁও নিবাসী নেত্ৰ কমল বৰঠাকুৰৰ ৮৬ সংখ্যক ওপজা দিনটি ৰবিবাৰে ব্ৰাহ্মণগাওঁ চাৰিআলিৰ নিজ বাসগৃহৰ চোতালত অঞ্চলবাসী ৰাইজে গাম্ভীৰ্যপূৰ্ণততাৰে উদযাপন কৰে।

আঞ্চলিক ৰাইজৰ হৈ অনুষ্ঠানৰ আহ্বায়ক হিচাপে শিক্ষাবিদ পূৰ্ণ চন্দ্ৰ বেজবৰুৱাই নাট্যকাৰজনৰ জীৱনজোৰা কৃতিৰ ৰেখাপাত কৰি ৰাজহুৱা সম্বৰ্ধনা পৰ্বৰ শুভাৰম্ভ কৰে । সমাজসেৱী প্ৰবীণ শৰ্মাই সভাপতিত্ব কৰা অনুষ্ঠানত শিক্ষাবিদ ৰাণা প্ৰকাশ বৰাই কয় যে নিজৰ জন্মস্থানৰ ওপজা মাটিত কাৰোবাক সম্বৰ্ধনা জনোৱাটো বা ৰাইজে মিলি জন্মদিন উদযাপন কৰাটো বৰ ডাঙৰ কথা । দীৰ্ঘকালজুৰি নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং অঞ্চলত নাট্য আন্দোলনৰ গুৰি ধৰি বহু কেইটা প্ৰজন্মক নাটক শিকাই, নাটকৰ লগত জড়িত কৰি,”গাদী নাট্য গোষ্ঠী”ৰ জড়িয়তে অসমৰ বিভিন্ন প্ৰান্তত নাটক মঞ্চায়ন কৰি সমাজৰ মাজলৈ নাটকক গণ নাট্যৰে বিস্তাৰিত কৰাত নেত্ৰকমল বৰঠাকুৰৰ অনবদ্য ভূমিকা আছে ।

চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি উৎপল হাজৰিকা আৰু সম্পাদক কল্যাণ বৰাই নাট্যকাৰ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে হাতীচোং পঢ়ুৱৈ চ’ৰা তথা সাংবাদিক সমীৰ হাজৰীকা, চকলাঘাট হৰি মন্দিৰৰ হৈ যজ্ঞেশ্বৰ বৰা, কেশ ভূঞা, সাংস্কৃতিক কৰ্মী ৰঞ্জিত শইকীয়া, বৰগছ অনুষ্ঠানৰ শোণিত ৰঞ্জন হাজৰিকা, প্ৰদীপ কন্দলীয়েও ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে । অসম আন্দোলনত নাটকৰ জৰিয়তে গণ চেতনা জাগ্ৰত কৰাত বৰঠাকুৰৰ নাটক “বলিয়া হাতী”, “বহ্নিমান ব্ৰহ্মপুত্ৰ”ৰ ভূমিকা স্মৰণ কৰে । তদুপৰি “যযাতি” নাটক বিভিন্ন অঞ্চলত একৈশ বাৰ মঞ্চস্থ হৈ গণ চেতনা জাগ্ৰত কৰিছিল ।

অঞ্চলৰ বিশিষ্ট শিল্পী গম্ভীৰ শইকীয়াই গীত পৰিবেশনৰে ন’ষ্টালজিক কৰি তোলা অনুষ্ঠানত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্য, সমাজ সংগঠক দেৱ কুমাৰ বৰা, ক্ষিতেশ্বৰ বৰা, অতুল বৰা, সাংবাদিক দেবব্ৰত বৰা তথা বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি বক্তব্য ৰাখে ।

উল্লেখ্য যে ভ্ৰাম্যমাণ জগতৰ প্ৰথম গৰাকী স্নাতক অভিনেতা, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ আৰম্ভণি বৰ্ষৰ “নটৰাজ থিয়েটাৰ”ৰ অভিনেতা, বৰ্ষীয়ান নাট্যকাৰ নেত্ৰ কমল বৰঠাকুৰে “সম্পাতি”, “যজাতি”,”বলিয়া হাতী”,”বহ্নিমান ব্ৰহ্মপুত্ৰ”, “গাদী”, “চাবুক”, “দালানৰ ছাঁ”,”ওম তৎসৎ”, “ইতি শৃগালৰ কথা”, “প্ৰিয়া”,”মোৰ আই”কে ধৰি চল্লিশখন পূৰ্ণাংগ নাটক আৰু বাৰখনৰো অধিক একাংক নাট ৰচনা কৰে । অনুষ্ঠানত উপস্থিত থকা অঞ্চলৰ ৰাইজে নাট্যকাৰজনৰ শতায়ু কামনা কৰাৰ লগতে চকলাঘাট শাখা সাহিত্য সভাই নেত্ৰকমল বৰঠাকুৰৰ অভিনন্দন গ্ৰন্থ প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰে ।