ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’: টি-ছিৰিজৰ শৈক্ষিক গোট টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীয়ে এই ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ শিল্পী সমাজৰ মাজত সৃষ্টি হোৱা আৰ্থিক অনাটন আঁতৰ কৰিবৰ বাবে এক আৰ্থিক সাহায্য আগবঢ়াইছে। চলচ্চিত্ৰ, সংগীত, ছবি আৰু অন্যান্য সাংস্কৃতিক শিল্পী, কাৰিকৰী শিল্পীসকলৰ পৰিয়ালক আৰ্থিক সকাহ প্ৰদান কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে টি-ছিৰিজে। টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী গুৱাহাটীয়ে এই কঠিন সময়ত এইসকল শিল্পী তথা তেওঁলোকৰ পৰিয়ালে সন্মুখীন হোৱা জটিলতাৰ কথা উপলব্ধি কৰিয়েই এক লাখ চল্লিশ হাজাৰ এশ টকাৰ এক চেক প্ৰদান কৰে ফিল্ম ফ্ৰেটাৰ্ণিটি অৱ অসম, নৰ্থ-ইষ্ট ফিল্ম এণ্ড ভিডিঅ’ টেকনিচিয়ানছ এছ’চিয়েশ্যন, গুৱাহাটী চিনে মিউজিচিয়ান এছ’চিয়েশ্যন আৰু আঠাৱনগৰাকী বাদ্যযন্ত্ৰীলৈ।
সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বাতিল হোৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ভ্ৰাম্যমান থিয়েটাৰ, তথা অন্যান্য কৰ্মশালা আদি অতি কমসময়ৰ ভিতৰতে হঠাতে বন্ধ হৈ পৰাৰ ফলত ইয়াৰ সৈতে জড়িত থকা শিল্পীসকলৰ অৱস্থা তেনেই কৰুণ হৈ পৰিছে। বহু শিল্পীপৰিয়াল মানসিকভাৱে ভাগিও পৰিছে।
উল্লেখ্য যে টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীয়ে গ্ৰহণ কৰা এই পদক্ষেপ অনুসৰণ কৰিয়েই এইসকল অৰ্থেনৈতিকভাৱে জুৰুলা হৈ পৰা শিল্পী তথা পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে ভালেমান যশস্বী শিল্পী তথা প্ৰতিষ্ঠান আগুৱাই আহিছে।
লকডাউনৰ সময়ছোৱাত কঠিন পৰিস্থিতিৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হোৱা অসমৰ আৰ্থিকভাৱে অনগ্ৰসৰ শিল্পীৰ পৰিয়ালৰ সাহায্যৰ বাবে ড্ৰীম হাউচ প্ৰডাকচনজ্ এণ্ড টি-ছিৰিজ ষ্টেজ ৱৰ্কছ একাডেমীয়ে এক লাখ টকা, সংগীতজ্ঞ ভূপেনে উজীৰে এঘাৰ হাজাৰ টকা, অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই দহ হাজাৰ টকা, জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই দহ হাজাৰ টকা,সংগীত শিল্পী ভৃগু কাশ্যপে দহ হাজাৰ এশ এটকা বৰঙণি হিচাপে আগবঢ়াইছে৷
এই মহৎ পদক্ষেপ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি গুৱাহাটীৰ টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীৰ অধ্যক্ষ নীতা শৰ্মাই কয়, ‘‘সমগ্ৰ বিশ্বৰ শিল্পীসকলে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ সংগীতানুষ্ঠান, থিয়েটাৰ, নৃত্য, অভিনয় আৰু অন্যান্য কৰ্মশালাসমূহ সাময়িকভাৱে বন্ধ হৈছে অথবা কেৱল অনলাইন পৰ্যায়ত সীমাৱদ্ধ কৰা হৈছে৷ ফলত শিল্পীসমাজ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে৷ এই পৰিপ্ৰেক্ষিতত আমি তেওঁলোকক সহায় আৰু সমৰ্থন আগবঢ়োৱাটো কৰ্তব্য৷ আমি অসমৰ বিভিন্ন শিল্পীক লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এই শিল্পীৰ পৰিয়ালসকলৰ সহায়ৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনাইছো৷’’গুৱাহাটীৰ টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীৰ ডীন ৰেণু গাৰ্গ আৰু মুখ্য কাৰ্যবাহী বিষয়া শুভদ্বীপ ৰাহুলে ২১ এপ্ৰিল (২০২০) পৰা ৩ মে’ (২০২০) লৈ জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা কৰ্মশালাৰ আয়োজন কৰা অসমৰ বহুকেইজন প্ৰখ্যাত শিল্পীক ধন্যবাদ জ্ঞাপন কৰে৷
উপস্থিত বিভিন্ন প্ৰখ্যাত শিল্পীসকল আছিল- ডাঃ হিতেশ বৰুৱা, জ্যেষ্ঠ চিনেমাট’গ্ৰাফাৰ- শিবানন বৰুৱা, প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক- মানস বৰুৱা, সংগীতজ্ঞ- জয়ন্ত কাকতি, কিশোৰ মেনা আৰু জনপ্ৰিয় অসমীয়া গায়ক- ভৃগু কাশ্যপ৷