ষ্টাফৰিপৰ্টাৰ, ১৫ জুন : অসমৰ কৃষকৰ বাবে সুখবৰ আহিছে। কৃষি মন্ত্ৰী অতুল বৰাই কৰিছে এক বিশেষ ঘোষণা যাৰ জৰিয়তে অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প’ৰ অধীনত ১০০টা ফাৰ্মাৰ প্ৰডিউচাৰ ক’কোম্পানী গঠন কৰা হ’ব। প্ৰত্যেকটো কোম্পানীৰ অধীনত থাকিব ৫০০ গৰাকী লোক। এই পদক্ষেপে কৃষিখণ্ডক নতুন গতি প্ৰদান কৰাৰ লগতে কৃষকসকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে। ইয়াৰ উপৰিও “মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা”ৰ অধীনত অসমৰ ১২৬টা সমষ্টিৰ প্ৰতিটোতে এটাকৈ “কমবাইন হাৰভেছটৰ” যন্ত্ৰ কৃষি বিভাগে যোগান ধৰিব।
Latest article
মল্লযোদ্ধা বজৰং পুনিয়াক ৪ বছৰৰ বাবে নিষিদ্ধ কৰিলে এনএডিএয়ে
ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াক ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থাই (এনএডিএ) চাৰি বছৰৰ বাবে নিষিদ্ধ কৰিছে। যাৰ বাবে পুনিয়াই আগন্তুক চাৰি বছৰৰ বাবে কোনো প্ৰতিযোগিতামূলক মল্লযুদ্ধত...
৪ ৰাজ্যৰ ৬ ৰাজ্যসভাৰ আসনৰ বাবে ২০ ডিচেম্বৰত উপ-নিৰ্বাচন
নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰে যে চাৰিখন ৰাজ্যৰ পৰা ছয়খন খালী ৰাজ্যসভাৰ আসন পূৰণৰ বাবে উপ-নিৰ্বাচন ২০ ডিচেম্বৰত অনুষ্ঠিত হ'ব। ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ সদস্য...
মণিপুৰত নিৰুদ্দেশ অসমৰ এজন ব্যক্তিৰ
মণিপুৰত নিৰুদ্দেশ অসমৰ এজন ব্যক্তি।
নিৰুদ্দেশ হৈ আছে লাইচাৰাম কমল বাবু সিং।
মণিপুৰৰ কাংপোকপি জিলাৰ পৰা নিৰুদ্দেশ লাইচাৰাম।
কৰ্মসূত্ৰে মণিপুৰত থাকে মেইটেই সম্প্ৰদায়ৰ লাইচাৰাম।
...