ষ্টাফৰিপৰ্টাৰ,অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি জন্মদিন।১৯১৫ চনৰ আজিৰ দিনটোতে অৰ্থাত ২৭ জুনত এইগৰাকী নাৰীয়ে গোলাঘাট জিলাৰ পানী দিহিঙীয়া গাঁওত জন্ম লাভ কৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম খন অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ত অভিনয় কৰি অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী হোৱাৰ গৌৰৱ অর্জন কৰিছিল যদিও জয়মতীৰ চৰিত্ৰত অভিনয় কৰি সহ অভিনেতাক ‘বঙহৰদেউ’ বুলি সম্বোধন কৰাৰ বাবেই গোটেই জীৱন বিয়া নোহোৱাকৈ থাকিবলগীয়া হৈছিল সমাজৰ বাবে।আনকি তেওঁক আৰু পৰিয়ালবৰ্গক সমাজে এঘৰীয়া কৰিছিল। সেই সময়ত এনেদৰে নাৰীয়ে অভিনয় কৰাটো সমাজে লাজৰ কথা বুলি ভাবিছিল।
প্ৰয়াত নীলাম্বৰ সন্দিকৈ আৰু প্ৰয়াত লক্ষী সন্দিকৈৰ কন্যা আইদেউ সন্দিকৈয়ে ২০০২ চনৰ ১৭ ডিচেম্বৰত মৃত্যু হয়।