অসমীয়াত টুইট কৰি ৰাজ্যবাসীক ভোটদানৰ বাবে আহ্বান প্ৰধানমন্ত্ৰীৰ

145

প্ৰথম পৰ্যায়ৰ ভোটদান আজি পুৱাৰে পৰা আৰম্ভ হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি ভোটাৰক অভিনন্দন জ্ঞাপন কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোক নাগৰিকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে৷ অসমীয়াত টুইট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হৈছে। সকলো যোগ্য ভোটাৰক অভিলেখ সংখ্যাত ভোটদান কৰিবলৈ আহ্বান জনাইছো। মই যুৱ বন্ধুসকলক ভোটদান কৰিবলৈ বিশেষকৈ অনুৰোধ জনাইছো।