অসমলৈ আহিব আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
অহা ২ এপ্ৰিলত কেজৰিৱালৰ লগতে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো এদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব।
দুইগৰাকী কেন্দ্ৰীয় নেতৃত্বই গুৱাহাটীত এক ৰাজহুৱা জনসভাত অংশ ল’ব।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিৰোধীৰ দুৰ্বল ভূমিকাৰ মাজতে আম আদমি পাৰ্টীয়ে অঞ্চলটোত এক শক্তিশালী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
দলটোৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, অসমৰ বিজেপি চৰকাৰৰ জনবিৰোধী কাৰ্য-কলাপ, উচ্চস্তৰীয় দুৰ্নীতি তথা সা-সামগ্ৰীৰ আকাশলংঘী দামৰ বাবে অসমৰ জনতাই বিজেপিৰ বিৰুদ্ধে কঠোৰ আম আদমি পাৰ্টীয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত শক্তিশালী বিৰোধীৰ ভুমিকা পালন কৰিবলৈ আগবাঢ়ি আহিছে।
