অসমত বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ২১১২

80

ষ্টাফৰিপৰ্টাৰ, অসমত বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ২১১২ লৈ বৃদ্ধি পায়। ইয়াৰে ২৮৩ জন কেৱল গুৱাহাটী মহানগনৰীৰ। আনহাতে ২১১ জন নগাঁও, ২১০ জন কামৰূপৰ আৰু ১৩২ জন শোণিতপুৰৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ৩৮,৪০৭ জন। ইয়াৰে ২৭,৮৩২ জন সুস্থ হৈ উঠিছে। ১০৪৭৮ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৯৪ জন লোকে প্ৰাণ হেৰুৱাইছে।
আনহাতে ক’ভিড পজিটিভি টিৰ হাৰ হৈছে ৫.১৪ শতাংশ। অসমত ২৪ ঘন্টাত ৪১০২৮ টা ক’ভিড পৰীক্ষা কৰা হয়।
এই কথা স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।