অসমত প্ৰথমবাৰলৈ আৰম্ব হ’ল গো এম্বুলেন্স সেৱা। শুকুৰাবে ডিব্ৰুগড় জিলাত ৰুগীয়া আৰু আহত গৰুৰ বাবে উদ্বোধন কৰা হয় প্ৰথম এম্বুলেন্স সেৱা।
গোপাল গোশালাৰ দ্বাৰা পৰিচালিত এই সেৱা শুকুৰবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে উদ্বোধন কৰে।
গোশালা বা গৰু আশ্ৰয় গৃহৰ ২০২০ চনত গৰুৰ বাবে এখন চিকিৎসালয়ও স্থাপন কৰিছিল।
“এম্বুলেন্স সেৱাই গুৰুতৰভাৱে অসুস্থ আৰু আঘাতপ্ৰাপ্ত গৰুৰ দ্ৰুত চিকিৎসাৰ পথ প্ৰশস্ত কৰিব। মই সুখী যে ‘গোশালা’ই আঘাতপ্ৰাপ্ত আৰু ৰুগীয়া গৰুৰ চিকিৎসাৰ মানদণ্ড উন্নত কৰি আছে।” পেগুৱে কয়।
গোপাল গোশালাৰ সভাপতি নিৰ্মল বেৰিয়াই দাবী কৰে যে এইটো সমগ্ৰ উত্তৰ-পূবৰ প্ৰথম গৰু এম্বুলেন্স সেৱা।
তেওঁ কয়, “আমি ৰুগীয়া গৰুবোৰক আশ্ৰয়লৈ অনাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলো, সেয়েহে এই এম্বুলেন্স সেৱা আৰম্ভ কৰা হৈছে।”
তেওঁ লগতে কয়, “কেইবাবাৰো আমি ৰুগীয়া গৰুবোৰক বচাব নোৱাৰিলোঁ কিন্তু এতিয়া আমি আশা কৰোঁ যে এম্বুলেন্স সেৱাই সহায় কৰিব।”
এম্বুলেন্সখন আহমেদাবাদৰ পৰা অনা হৈছে আৰু ইয়াত হাইড্ৰলিক লিফ্ট লগোৱা হৈছে।
