অসমত পুনৰ ২৩৮৫ জন কোভিড-১৯ত আক্ৰান্ত, ৩০জনৰ মৃত্যু

93

নিৰ্বাচনী ফলাফলৰ আনন্দ-বিষাদৰ মাজতে ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত হল ২৩৮৫ জন। দেওবাৰৰ দিনটোত কোৰোনা আক্ৰান্ত হৈ ৩০ জন ৰোগীৰ মৃত্যু ঘটে। স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত কামৰূপ মহানগৰত ১০৯৯ জন, তিনিচুকীয়াত ১৮১ জন, ডিব্ৰুগড়ত ১৪৮ জন আৰু নগাঁৱত ৯০ জন লোক কোৰোনা মহামাৰীত আক্ৰান্ত হৈছে।

ইয়াৰ পিছতে ৰাজ্যত কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৮৯৬১জনলৈ বৃদ্ধি পাইছে। ইফালে, দেওবাৰে সুস্থ হৈছে ২৮৩১জন লোক। এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৪৫৫১জন ৰোগী।