অসমত পতাঞ্জলি যোগ পীঠৰ দ্বাৰা যোগদিৱস আয়োজন

671

ৰাষ্ট্ৰীঋষি শ্ৰদ্ধেয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ সদিচ্ছা আৰু বিশ্ববন্দিত যোগগুৰু স্বামী ৰামদেৱজী তথা আন যোগ গুৰুসকলৰ আগ্ৰ্হত যোগক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে স্বীকৃতি প্ৰদান কৰিছে।এই বছৰ ভাৰতৰ স্বাধীনতাৰ ৭৫তম জয়ন্তী উৎসব উপলক্ষে ৭৫টা ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ স্থানত যোগ দিৱস পালন কৰিবলৈ পতাঞ্জলি যোগ পীঠক ভাৰত চৰকাৰে নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, অসমবাসীৰ বাবে সৌভাগ্যৰ কথা যে এই ৭৫ টা স্থানৰ ভিতৰত অসমৰ চাৰি ঠাইত যোগদিৱস পতঞ্জলি যোগ পীঠৰ দ্বাৰা আয়োজন কৰা হব।এই স্থান কেইটা হৈছে – মা কামাখ্যা ধাম, বৰদোৱা,লেটেকুপুখুৰী আৰু ডঃ ভূপেন হাজৰিকা সেতু।

সদ্য সমাপ্ত খেল ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে যোগাসন খেল হিচাপে অন্তৰ্ভুক্ত হয়। AYSA- ৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি গুৱাহাটীৰ সুমিত দেই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত খেলিবলৈ সুযোগ লাভ কৰে। তেওঁ যোৱা ৫,৬ জুনত হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত খেল ইণ্ডিয়াৰ যোগাসন ক্ৰীড়া বিভাগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দ্বিতীয় স্থান লাভ খৰি ৰূপৰ পদক অৰ্জন কৰে। সুমিত দেই অসমৰ হৈ খেল ইণ্ডিয়াৰ যোগাসন ক্ৰীড়াত অংশ গ্ৰহণ কৰা আৰু পদক অৰ্জণ কৰা প্ৰথমজন খেলুৱৈ হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত সন্থাৰ  সভাপতি বিকাশ গোস্বামী আৰু সম্পাদক জ্যোতিৰ্ময়  শইকীয়াই এই কথা সাদৰি কৰে।