অসমত জন্মগ্ৰহণ কৰা পাকিস্তানী গায়িকা নায়াৰা নূৰৰ বিয়োগ

83

অসমত জন্মগ্ৰহণ কৰা পাকিস্তানী কিংবদন্তী কণ্ঠশিল্পী নায়ৰা নূৰৰ দেওবাৰে কৰাচীত ৭১ বছৰ বয়সত মৃত্যু ঘটে।

উল্লেখ্য যে, নায়াৰা নূৰক পাকিস্তানৰ ‘বুলবুল-এ-পাকিস্তান’ হিচাপে সন্মানিত কৰা হৈছিল।

১৯৫০ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা নূৰে শৈশৱ অসমত কটায়। পিছলৈ তেওঁ পৰিয়ালৰ সৈতে পাকিস্তানৰ ৰাজধানীলৈ স্থানান্তৰিত হয়।

তেওঁৰ পিতৃ আছিল সৰ্বভাৰতীয় মুছলিম লীগৰ সক্ৰিয় সদস্য আৰু বিভাজনৰ পূৰ্বে মহম্মদ আলী জিন্নাক অসম ভ্ৰমণৰ সময়ত আতিথ্য প্ৰদান কৰিছিল।

লাহোৰৰ নেচনেল কলেজ অৱ আৰ্টছত নূৰে নিজৰ গায়কী প্ৰতিভা আৱিষ্কাৰ কৰিছিল য’ত তেওঁ পঢ়া-শুনা কৰি আছিল।

১৯৬০ চনৰ শেষৰ ফালে ৰাজ্যিক টেলিভিছনত প্ৰথমবাৰৰ বাবে অভিষেক ঘটায়। নূৰ গজলৰ বাবে পৰিচিত আছিল।

খবৰ অনুসৰি কৰাচীৰ চিকিৎসালয়ত কিছুদিন ধৰি তেওঁৰ চিকিৎসা চলি আছিল।