অসমত বৃদ্ধি পাইছে অমিক্ৰনৰ আতংক। বিদেশ ভ্ৰমণৰ পৰা উভতি অহা ৪ জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে কোৰোনাৰ এই নতুন প্ৰজাতিৰ আতংক অসমত বৃদ্ধি পাইছে।
বাতৰি অনুসৰি, মঙ্গলবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত আৰটি-পিচিআৰ পৰীক্ষাত বিদেশ ভ্ৰমণৰ পৰা উভতি অহা ৪ জন ব্যক্তিৰ দেহত কোভিড পজিটিভ ধৰা পৰে। জানিব পৰা মতে, কোভিড আক্ৰান্ত হোৱা ৩ জন ব্যক্তি কৰিমগঞ্জৰ বাসিন্দা আৰু তেওঁলোকে কিছুদিন পূৰ্বে চৌদি আৰবৰ পৰা উভতি আহিছিল। বৰ্তমান তেওঁলোকক নিজৰ জিলাতে আইছ’লেট কৰি ৰখা হৈছে।
আনহাতে কোভিড আক্ৰান্ত আনজন ব্যক্তি কাছাৰ জিলাৰ বাসিন্দা। তেওঁ ফিনলেণ্ডৰ পৰা উভতি অহাৰ পিছতে কোভিড পজিটিভ ধৰা পৰে। তেওঁলোকৰ নমুনাটো জিনোম অনুক্ৰমৰ বাবে ৰাষ্ট্ৰীয় জৈৱ চিকিৎসা জিনোমিক্স প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে, যাতে অমিক্ৰনৰ যিকোনো সম্ভাৱনা নাইকিয়া কৰিব পাৰি।
