ষ্টাফৰিপোৰ্টাৰ, ২৬ এপ্ৰিল :: কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে বিভীষিকাময় পৰিবেশ সৃষ্টি কৰাৰ সময়ত আৰ্তজনক সহায় কৰিবলৈ ওলাই আহিছে সমাজৰ বিভিন্নজন। গুৱাহাটী তথা গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী ঠাইত বহু সংখ্যক দুখীয়া লোকক আহাৰ যোগান ধৰি আহিছে অমৃত ভোগ ভাণ্ডাৰা নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে। এই সম্পৰ্কে স্বেচ্ছাসেৱী সংস্থাটোৰ হৈ সহ সংযোগক আলোক সন্থালিয়াই কয় ” আমি প্ৰথম বাৰৰ বাবে এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি ২৮ মাৰ্চৰ পৰা সমগ্ৰ গুৱাহাটীত আৰম্ভ কৰা আহাৰ বিতৰণ কাৰ্যসূচী লকডাউন নোখোলালৈকে অব্যাহত ৰাখিম। প্ৰথম তিনি হাজাৰ দুখীয়া লোকৰ মাজত পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু সন্ধিয়াৰ আহাৰ যোগান ধৰি আহিছিলোঁ। এতিয়া আমি প্ৰতিদিনে ২০ হাজাৰ দুখীয়া লোকৰ সামগ্ৰী বিৰতণ কৰি আছোঁ। এই ক্ষেত্ৰত আমাক ফাঁচী বজাৰৰ কেদাৰ পথৰ ৰিতুৰাজ হোটেলৰ ৰান্ধনীশালত আহাৰ সমূহ ৰন্ধা হৈছে। ইয়াৰ বাবে আমি ৰিতুৰাজ হোটেলৰ মালিক বসন্ত সুৰানা, আকাশ সুৰানা আৰু প্ৰৱন্ধক সঞ্জয় কুৰেছিয়াক ধন্যবাদ জনালোঁ।
শ্ৰীৰাম সমিতিয়, সেৱা ভাৰতী, লায়ন্স ক্লাব, অহিংসা ক্লাব আদিৰ লগতে বি এছ এফ, এন ডি আৰ এফ আদিয়ে আমাৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহ কৰি দুখীয়া লোকৰ মাজত বিতৰণ কৰে।
প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ আমি আহাৰ বিতৰণ কৰোঁ।” এই সম্পৰ্কে অমৃত ভোগ ভাণ্ডাৰৰ মুখ্য বিষয়া ভাগচন্দ জৈনে কয় ” আমি সম্পূৰ্ণ পৰিষ্কাৰ, পৰিচ্ছন্নতাত গুৰুত্ব দিছোঁ লগতে চৰকাৰী নীতি-নিয়ম সম্পূৰ্ণ ভাৱে পালন কৰি আহিছোঁ। লগতে উন্নত মানৰ আহাৰ যোগান ধৰি আছোঁ। ৰিতুৰাজ হোটেলৰ ১৯ জন কৰ্মচাৰীৰ লগতে মুঠ ৭০ জন কৰ্মচাৰী এই সম্পূৰ্ণ কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে। আমি বানপানীৰ সময়তো দুৰ্গত সকলৰ বাবে এনে সেৱা আগবঢ়াম।”
