ষ্টাফ ৰিপ’ৰ্টাৰ: উত্তৰ পূৱৰ আগশাৰীৰ চিমেণ্ট প্ৰতিষ্ঠান অমৃত চিমেণ্টে অসম আৰক্ষীলৈ প্ৰায় ২৫০০ টা ফে’চশ্বিল্ড আৰু ১০,০০০ ষ্টেৰিলাইজড হেণ্ড গ্লোভছ প্ৰদান কৰিছে। বিশেষকৈ ক’ভিড ১৯ প্ৰতিহত কৰিবৰ বাবে ৰাজ্যৰ আৰক্ষী বাহিনীয়ে সমূখৰ পৰা যুঁজ চলাই থকাৰ ক্ষেত্ৰত সুবিধা হ’বৰ বাবেই আৰু সাহায্য আগবঢ়াবৰ বাবেই এই সামগ্ৰীসমূহ আগবঢ়োৱা হৈছে অসম আৰক্ষীলৈ। মঙলবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক সাক্ষাৎ কৰি অমৃত চিমেণ্ট কৰ্তৃপক্ষই এই সামগ্ৰীসমূহ হস্তান্তৰ কৰে। আইন শৃংখলা বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালকৰ প্ৰধান হৰমিট সিঙো উপস্থিত থাকে।
সমগ্ৰ বিশ্বতে চৰকাৰী কৰ্তৃপক্ষই দেশৰ জনসাধাৰণক এই মহামাৰীৰ সময়ছোৱাত ঘৰতে থকা, সামাজিক দূৰত্ব ৰক্ষা কৰা আদিৰ দৰে ব্যৱস্থা গ্ৰহণেৰে ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, পিছে এনে সময়তো আৰক্ষী বাহিনীয়ে ঘৰৰ বাহিৰত থাকি এনে এক পৰিস্থিতিত উদ্ভৱ হোৱা প্ৰায়বোৰ দিশ চম্ভালিবলগীয়া হৈছে, যাতে দেশৰ জনসাধাৰণে ঘৰত সুৰক্ষিত হৈ থাকিব পাৰে।
আজি প্ৰদান কৰা ফে’চ শ্বিল্ড হৈছে এবিধ সুৰক্ষা সঁজুলি, য’ত হেডবেণ্ডৰ সৈতে এক স্বচ্ছ সামগ্ৰী সংযোজিত হৈ থাকে, যিয়ে পৰিধান কৰা লোকগৰাকীক সমূখৰ পৰা আহিব পৰা বিভিন্ন বীজাণু পৰিবাহকক প্ৰতিৰোধ কৰিব পাৰে আৰু এইবিধ সামগ্ৰী প্ৰস্তুত কৰি উলিওৱা হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম অনুসৰি।আজি এই পদক্ষেপ সন্দৰ্ভত অমৃত চিমেণ্টৰ পৰিচালন সঞ্চালক প্ৰদীপ বাগলাই কয়, “ক’ভিড-১৯ ৰ সংকটপূৰ্ণ সময়ত এইসকল আৰক্ষী বাহিনীৰ লোকে দেশত আইন শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত অনবদ্য ভুমিকা পালন কৰিছে। আৰু আমাৰ সমাজখনক ৰোগমুক্ত কৰাৰ বাবে আৰু সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি যোগাইছে। আমি এই সকল লোকৰ সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে এই সুৰক্ষা সামগ্ৰীসমূহ তেওঁলোকলৈ আগবঢ়াইছো।”
উল্লেখ্য যে এই সন্দৰ্ভত অসম আৰক্ষীয়েও কৃতজ্ঞতা প্ৰকাশ কৰি এক টুইট কৰিছে।
