অমিত শ্বাহৰ আগমণৰ দিনটোতে গুৱাহাটী ক্লাৱত উৰিল ক’লা পতাকা…

61

নতুন নতুন প্ৰতিশ্ৰুতিৰে অসমৰ ৰাইজক প্ৰলোভিত কৰি নিৰ্বাচনী দেওনা আকৌ এবাৰ যো-জা চলাইছে বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পিছত ইজনৰ পিছত সিজন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেৰিৰ শীৰ্ষস্থানীয় নেতৃত্বৰ সোঁত বৈছে অসমলৈ। সোমবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমণৰ দিনটোতে ৰাজ্যৰ আকাশত উৰিল ক’লা পতাকা। বিতৰ্কিত কৃষি আইন বাতিল কৰা, নাগৰিকত্ব সংশোধনী আইন আৰু ইআইএ প্ৰত্যাহাৰৰ লগতে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ দাবীত সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক’লা পতাকা উৰুৱাই বিক্ষোভ প্ৰদৰ্শন কৰে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আঞ্চলিক দল-সংগঠনসমূহে।

সোমবাৰে মহানগৰীৰ গুৱাহাটী ক্লাৱৰ ৰ’টাৰীৰ আকাশতো দেখা গ’ল ভালেসংখ্যক ক’লা পতাকা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমণৰ দিনটোতে মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত উৰা এনে ক’লা নিচানে চৰকাৰৰ প্ৰতি দল-সংগঠনৰ মাজত পুঞ্জীভূত ক্ষোভ উদঙাই তুলিছে।