পৰ্ণগ্ৰাফীৰ গোচৰত অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ ঘৰ, কাৰ্যালয় আৰু বাসগৃহত তালাচী চলাই EDয়ে। অশ্লীল কণ্টেণ্ট নিৰ্মাণ আৰু প্ৰচাৰৰ সৈতে জড়িত থকা অভিযোগ।ইয়াকে লৈ ২৯ নৱেম্বৰৰ পুৱা ৬ বজাত শিল্পা চেট্টীৰ ঘৰত উপস্থিত হয় ইডি বিষয়াসকল। EDৰ এই অভিযান পৰ্ণগ্ৰাফীৰ ঘটনাৰ সৈতে সম্পৰ্কিত। অৱশ্যে, এয়া কেৱল ৰাজ কুন্দ্ৰাই নহয়, পৰ্ণগ্ৰাফী গোচৰৰ সৈতে জড়িত আন কেইবাজনো লোককো ইডিয়ে তালাচী চলাইছে৷ পূৰ্বেও পৰ্ণগ্ৰাফী গোচৰৰত শিল্পা চেট্টীৰ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল৷২০২১ চনত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণগ্ৰাফীৰ গোচৰত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।অভিযোগ উত্থাপন কৰা হৈছে , ৰাজ কুন্দ্ৰাই মোবাইল এপ হোৱাটছএপৰ জৰিয়তে এডাল্ট কণ্টেণ্ট ষ্ট্ৰীম কৰিছিল। ৰাজ কুন্দ্ৰাৰ ঘৰত অভিযানৰ কাৰণ হৈছে পৰ্ণগ্ৰাফীৰ প্ৰচাৰ। মুম্বাইৰ লগতে উত্তৰ প্ৰদেশৰ প্ৰায় ১৫টা স্থানত তালাচী চলোৱা হৈছে।