বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক উত্তৰ প্ৰদেশ চৰকাৰে আৰম্ভ কৰা এক জিলা-এক-সামগ্ৰী (অ’ডিঅ’পি) কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে।
শুকুৰবাৰে অভিনেত্ৰী গৰাকী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এক আলোচনাত লিপ্ত হয়।
জানিব পৰা মতে, বৈঠকত ৰাজ্যখনত বিভিন্ন উন্নয়নমূলক কাম কৰাৰ বাবে অভিনেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে অভিনেত্ৰী কংগনা ৰাণাৱতটক অ’ডিঅ’পি কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি প্ৰদান কৰা হব।
উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ৭৫ খন জিলাত সামগ্ৰী-নিৰ্দিষ্ট পৰম্পৰাগত ঔদ্যোগিক কেন্দ্ৰ সৃষ্টিৰ বাবে এক-জিলা-এক সামগ্ৰী (ওডিঅ’পি) কাৰ্যসূচী আৰম্ভ কৰিছে।
উত্তৰ প্ৰদেশ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব নৱনীত চেহগলে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই বাতৰিটো শ্বেয়াৰ কৰিছে। তেওঁ টুইট কৰে, “বিখ্যাত অভিনেত্ৰী কংগনা ৰাণাৱতে উত্তৰ প্ৰদেশৰ @myogiadityanath সাক্ষাৎ কৰে, যিয়ে তেওঁক এটা @UP_ODOP সামগ্ৰী প্ৰদান কৰে। কংগনাজী ওডিঅ’পিৰ বাবে আমাৰ ব্ৰেণ্ড এম্বেচেডৰ হ’ব।”
