অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যাক মুম্বাইৰ চিকিত্‍সালয়ত ভৰ্তি

107

কোৰোণাৰ সামান্য লক্ষণে দেখা দিয়াৰ বাবে দুয়োকে ভৰ্তি কৰোৱা হৈছে চিকিত্‍সালয়ত।
অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যাক মুম্বাইৰ চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত দুয়ো নিজ ঘৰতেই কোৱাৰেণ্টাইনত আছিল। শুকুৰবাৰে হঠাত্‍ দুয়োৰে দেহত কোৰোণাৰ সামান্য লক্ষণে দেখা দিয়াত দুয়োকে মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, দুয়ো শ্বাস-প্ৰশ্বাসত কিছু সমস্যাৰ সন্মুখীন হৈছে।
ইফালে বৰ্তমান নানাৱতী হাস্পতালতে চিকিত্‍সাধীন হৈ আছে ঐশ্বৰ্য ৰায়ৰ স্বামী তথা অভিনেতা অভিষেক বচ্চন আৰু মেগাষ্টাৰ অমিতাভ বচ্চন