অভিনেতা সুশান্ত সিঙে দুটা বেলেগ বেলেগ বেংক একাউন্টৰ পৰা ৰিয়ালৈ প্ৰেৰণ কৰিছিল ধন!

105

ডিজিটেল ডেস্ক:- হত্যা নে আত্মহত্যা? অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু কাণ্ডৰ তদন্ত যিমানেই আগবাঢ়িছে, সিমানেই অধিক জটিল হৈ পৰিছে এই প্ৰশ্নৰ উত্তৰ। মুম্বাই আৰক্ষীয়ে তদন্তৰ পিছত এয়া আত্মহত্যা বুলি দাবী কৰিলেও সুশান্ত সিঙৰ পৰিয়াল তথা অনুৰাগীয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিব খোজে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যু কাণ্ডৰ তদন্ত চলোৱা ইডিয়ে শেহতীয়াকৈ ঘটনাৰে জড়িত কিছু নতুন তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে। এক সূত্ৰৰ খবৰ অনুসৰি ইডিয়ে তদন্তৰ সময়ত অভিনেতাজনৰ ৪টা বেংক একাউণ্ট লাভ কৰিছে। ইয়াৰে কোটাক বেংক আৰু এইছডিএফচি বেংকৰ দুটা একাউণ্টৰ পৰা অভিনেতাগৰাকীৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীলৈ টকা প্ৰেৰণ কৰা হৈছিল বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

আনহাতে জানিব পৰা মতে অভিনেতাজন এখন বিলাসী বাহন ক্ৰয়ৰ বাবেও বেংকৰ পৰা ঋণ লৈছিল। অভিনেতাজনৰ দুখন বিলাসী গাড়ী থকাৰ লগতে মুম্বাইৰ বাহিৰৰ পাৱনী নামৰ ঠাইত এটা সৰু ফাৰ্ম হাউছ আছে।