অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত কৰিব চিবিআইয়ে

105

ষ্টাফৰিপৰ্টাৰ, দেশ-বিদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা বলিউডৰ সুদর্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত কৰিব কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে।
আজি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ক এই কথা জনোৱা হয়।উচ্চতম ন্যায়ালয়ত দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় ‘বিহাৰ চৰকাৰৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে সুশান্ত ৰাজপুতৰ আত্মহত্যাৰ গোচৰটো তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য কিছুদিন পূৰ্বে সুশান্তৰ পিতৃ কে কে সিঙে বিহাৰৰ মুখ্য মন্ত্ৰী লৈ এখন পত্ৰ লিখিছিল।
উক্ত পত্ৰখনত সুশান্তৰ পিতৃয়ে তেওঁৰ পুত্ৰৰ আত্মহত্যাৰ ঘটনাটোৰ তদন্ত চিবিআইৰ দ্বাৰা কৰোৱাব লাগে বুলি অনুৰোধ জনাইছিল। ইয়াৰ পিছতে বিহাৰৰ চৰকাৰে বিষয়টো বিবেচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে।
কেন্দ্ৰই আজি বিষয়টো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ক সেই বিষয়ে অৱগত কৰে।
উল্লেখ্য ১৪ জুনৰ দিনা মুম্বাইৰ বান্দ্ৰাস্থিত বাসভৱনত সুশান্তৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল।
সুশান্তক কোনোৱাই হত্যা কৰা বুলি বিভিন্ন জনে সন্দেহ ব্যক্ত কৰি আহিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীকো সন্দেহৰ আৱৰ্তত ৰাখিছে। ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধেও বিহাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে সুশান্তৰ পিতৃয়ে।