অভিনেতা প্ৰয়াত কেদাৰ খানৰ ডাঙৰ পুত্ৰ আব্দুল কুদুছৰ মৃত্যু

109

বলিউডৰ জনপ্রিয় অভিনেতা প্ৰয়াত কেদাৰ খানৰ কানাডাস্থিত ডাঙৰ পুত্ৰ আব্দুল কুদুছ’ৰ যোৱা বুধবাৰে মৃত্যু হ’য়। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি জানিবলৈ দিছে প্ৰয়াত অভিনেতা কেদাৰ খানৰ সৰু পুত্ৰ শ্বৰ্ফৰাজ খানে।

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ বহুত দিন ধৰি হাস্পতালত ভৰ্তি হৈ আছিল আব্দুল কুদুছ’ অৱশেষত বুধবাৰে মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে প্ৰয়াত অভিনেতা জনৰ পুত্ৰই। জানিব পৰা অনুসৰি আব্দুল কুদুছ’ হৈছে প্ৰয়াত অভিনেতা কেদাৰ খানৰ প্ৰথমা পত্নীৰ ডাঙৰ পুত্ৰ।