অভিনেতা গকুল পাঠকৰ চিকিৎসাৰ সমস্ত ব্যয় অসম চৰকাৰে

74

ষ্টাফ ৰিপোৰ্টাৰ : প্ৰসিদ্ধ পণ্ডিত, সাহিত্যিক তথা অভিনেতা গকুল পাঠকৰ চিকিৎসাৰ সমস্ত ব্যয় অসম চৰকাৰে বহন কৰিব। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাক টেলিফোন কৰি এই কথা জনাইছে। শনিবাৰে তেওঁ বৰপেটা জিলাৰ অতি সন্মানীয় ব্যক্তি গৰাকীৰ স্বাস্থ্য সম্পৰ্কেও বুজ লয়। উল্লেখযোগ্য ৯৪ বছৰীয়া বৰপেটাৰ মহীৰূহ গৰাকী যোৱা চাৰিদিন ধৰি বৰপেটাৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।