অবৈধ সম্পৰ্কত লিপ্ত মহিলাক মাৰপিট কৰি যৌনাংগত জলকীয়াৰ গুৰি সানি অত্যাচাৰ

203

কলগাছিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। অবৈধ সম্পৰ্কত লিপ্ত মহিলাক মাৰপিট কৰি যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিলৰটাৰীত আজি সংঘটিত হোৱা নাভূত নাশ্ৰুত ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিলৰটাৰী গাঁৱৰ তিনি সন্তানৰ মাতৃ আৰু একে গাঁৱৰে এটা সন্তানৰ পিতৃ মহম্মদ আলীৰ লগত আছিল দীৰ্ঘ দিনীয়া পৰকীয়া প্ৰেম। আজি মহম্মদৰ পত্নী ঘৰত নথকাৰ সুযোগত মহম্মদ আলীৰ ঘৰত প্ৰৱেশ কৰি লিপ্ত হয় অবৈধ শাৰীৰিক সম্পৰ্কত। খবৰ পাই মহম্মদৰ পত্নী ঘৰত উপস্থিত হৈ ওচৰ চুবুৰীয়াৰ সহযোগত পৰকীয়া প্ৰেমত লিপ্ত হোৱা মহিলা গৰাকীক মাৰপিট কৰাৰ লগতে যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ খবৰ পাই কলগাছিয়া আৰক্ষীয়ে পৰকীয়া প্ৰেমত লিপ্ত মহিলা গৰাকীৰ লগতে মহম্মদ আলীকো থানালৈ লৈ যায়। কলগাছিয়াৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছত ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব। এই ঘটনাৰ লগত জড়িত প্ৰতিজনকে গাওঁ বাসীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।