অবৈধ চিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত কাছাৰত নিলম্বন অসম আৰক্ষীৰ ৫ জোৱান

560

কাছাৰ জিলাত চুপাৰী সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাৰ অভিযোগত নিলম্বিত হ’ল পাঁচজন অসম আৰক্ষী জোৱান।

খবৰ অনুসৰি কাছাৰ আৰক্ষী অধীক্ষক নুমল মহত্তই জিলাখনৰ মাজেৰে চোৰাংকৈ চুপাৰী সৰবৰাহৰ বাবে অনুমতি দিয়াৰ অভিযোগত পাঁচজন কনিষ্টবলক নিলম্বন কৰে।

জিলা আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, নিলম্বিত আৰক্ষীকেইজন অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ গুমৰা আৰক্ষী তদন্ত কেন্দ্ৰৰ অন্তৰ্গত ডিগোৰখাল চেক-পোষ্টত নিযুক্ত আছিল।

জানিব পৰা মতে, এই পাঁচজন আৰক্ষীৰ সহায়ত শিৱনগৰৰ টোলগেট পাৰ হ’বলৈ দিয়া হৈছিল এখন চুপাৰী সৰবৰাহকাৰী ট্ৰাক।

ইফালে শনিবাৰে চুপাৰী সৰবৰাহৰ সৈতে জড়িত দুজন সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰাৰ পিছতে পোহৰলৈ আহে ৫ আৰক্ষী জোৱানৰ কুকীৰ্তি।