অবিলম্বে শ্ৰমিক সকলক ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ আহ্বান প্ৰদ্যুৎ বৰদলৈৰ

77

ষ্টাফৰিপোৰ্টাৰ, ১৫ মে’ : লক ডাউনৰ ফলত সম্প্ৰতি দেশৰ বিভিন্ন ৰাজ্যত নিজ নিজ কৰ্মক্ষেত্ৰত লাখ লাখ অসমীয়া মানুহ আবদ্ধ হৈ পৰিল। এক বিবৃতি যোগে
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি, সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়
“সেইসকলৰ বেছিভাগেই হৈছে অসমৰ বিভিন্ন জিলাৰ পৰা গৈ দেশৰ বিভিন্ন ঠাইত কল-কাৰাখানাত কাম কৰি থকা অসমৰ প্ৰবজিত শ্ৰমিক। অসম চৰকাৰৰ মন্ত্রীয়ে কৈছে প্ৰায় ১০-১২ লাখমান প্ৰবজিত শ্ৰমিক আছে। কিন্তু, মই ভাবো এই সংখ্যা ১২ ৰ পৰা ১৫ লাখমান হ’ব। এটা কথা অকথিত সত্য যে অসমৰ অৰ্থব্যৱস্হা টনকিয়াল কৰি অহাত এই প্ৰৱজিত শ্ৰমিকসকলৰ অৱদান যথেষ্ট। ধৰি লৈছো যে অসম চৰকাৰৰ মন্ত্রীয়ে কোৱাৰ দৰেই যদি ১০ লাখ জন শ্ৰমিকে গড়ে ৩০০০ কৈ টকা নিজৰ পৰিয়ালৰ বাবে প্ৰতি মাহে পঠিয়াই তেন্তে প্ৰতিমাহে অসমৰ অৰ্থনীতিলৈ ৩০০ কোটি টকাৰ অৰিহণা যোগাই আৰু সেই হিচাপ প্ৰতি বছৰে হ’বগৈ ৩৬০০ কোটি টকাৰ। প্ৰবজিত শ্ৰমিকৰ এই বৰঙণিয়ে আমাৰ ৰাজ্যৰ অৰ্থনীতি সবল আৰু সজীৱ কৰি ৰাখিছে। কিন্তু সম্প্ৰতি এই শ্ৰমিকসকল ভীষণভাৱে বিপদত পৰিছে। কল কাৰখানা বন্ধ হৈ যোৱাৰ বাবে তেওঁলোকে জীৱন ধাৰণৰ সমস্যাত পৰিছে। কৰ্ম সংস্থাপনহীন হৈ বৰ্তমান তেওঁলোক অনাহাৰে, অৰ্ধাহাৰে থাকিব লগীয়া হৈছে। কিছুসংখ্যকে হাজাৰ কিলোমিটাৰ পদব্ৰজে ঘৰমূৱা হৈছে। কেইবাজনৰ মৃত্যুৰ খবৰ আহিছে। সেয়েহে, মই অসম চৰকাৰক কাতৰ অনুৰোধ জনাইছো আপোনালোকে অবিলম্বে শ্ৰমিক সকলক ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰক। ছাত্র-ছাত্রী, কেন্সাৰ ৰোগী সকলক উভতাই অনাৰ দৰে শ্ৰমিক সকলকো প্ৰণালীবদ্বভাৱে অসমলৈ ঘুৰাই আনক। আজি তেওঁলোকৰো মহা সংকটৰ সময়, লগতে এইয়া আমাৰ প্ৰতিদান দিয়াৰো সময়। “