অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

91

আলফা স্বাধীনে অপহৰণ কৰা অএনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ বৰহোলাস্থিত বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰহোলাৰ নাঙলগাঁৱৰ ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকৰ সৈতে দীৰ্ঘ সময় মত-বিনিময় কৰে৷

ৰিতুল শইকীয়াৰ শয্যাগত মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে ৰিতুল শইকীয়াক উদ্ধাৰ তথা উভতাই আনিবলৈ সকলো কৰিব বুলি পৰিয়ালটোক আশ্বাস দিয়ে৷ গুৱাহাটীৰ পৰা বিশেষ হেলিকপ্তাৰযোগে ন পাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হয় মুখ্যমন্ত্ৰী৷ তাৰ পিছতে ৰিতুল শইকীয়াৰ বাসগৃহলৈ যায় মুখ্যমন্ত্ৰী শৰ্মা৷