অন্ত পৰিব কৃষকৰ ৰেল অৱৰোধ কাৰ্যসূচী, ২৩ নৱেম্বৰৰ পৰা পঞ্জাৱত আৰম্ভ হব ৰেল সেৱা

89

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰা কৃষক আইনৰ বিৰুদ্ধে পঞ্জাৱৰ কৃষকে আন্দেলন অব্যাহত ৰাখিছে৷ দীৰ্ঘদিনে ৰেলপথ, ঘাইপথ, ধৰ্ণা, সমদল কৰি আন্দোলন কৰি গৈছে পঞ্জাৱৰ কৃষকে৷ পঞ্জাৱৰ পৰা ঘাইপথ যোগে দিল্লীলৈ আহি পঞ্জাৱৰ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছ৷ পঞ্জাৱৰ কৃষকৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কেইবালানি আলোচনা কৰিছিল যদিও আলোচনা বিফল হয়৷ তাৰ মাজতে আজি প্ৰকাশিত খবৰ মতে, পঞ্জাৱৰ কৃষকে ২৩ নৱেম্বৰৰ পৰা ৰেল সেৱা পুনৰ আৰম্ভ কৰিবলৈ দিয়া বুলি জানিব পৰা গৈছে৷ ৰেলপথ অৱৰোধ কাৰ্যসূচী সমাপ্ত কৰাৰ বাবে সিদ্ধান্ত লৈছে পঞ্জাৱৰ কৃষকে৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু কৃষক প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত বৈঠকত ৰেলপথৰ আন্দোলন সমাপ্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে পঞ্জাৱৰ কৃষকে৷ ইপিনে কৃষক সংগঠনসমূহে ১৫ দিনৰ সময়ত দি কেন্দ্ৰীয় চৰকাৰক কৃষি আইনৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ কয়৷