অনুষ্ঠিত হব HSLC-HSৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা, জনালে শিক্ষামন্ত্ৰীয়ে…

95

কোভিড পৰিস্থিতিৰ বাবে এক অনিশ্চিত অন্ধকাৰচন্ন ভৱিষ্যতলৈ গতি কৰিছে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হব নে নাই তাক লৈ চৰ্চা চলাৰ সময়তে আজি শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে কয় যে অতি সোনকালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হব।

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশ লোৱাৰ পিছত সাংবাদিকৰে সৈতে মুখামুখিত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত এইদৰে মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। অৱশ্যে কেতিয়ালৈকে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হব, সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হব বুলিও মন্তব্য কৰে ৰণোজ পেগুৱে।