অনিয়মেৰে চাকৰি লাভ! ৩ ৰাজপত্ৰিত বিষয়ালৈ জাননী জাৰী SITৰ

364

তিনি ৰাজপত্ৰিত বিষয়ালৈ SITৰ জাননী। কৰিমগঞ্জৰ ADC মিনাৰ্ভা দেৱী, APS দীপাংকৰ দত্ত লহকৰ আৰু ধীৰাজ কুমাৰ জৈনলৈ জাননী। সোমবাৰে SITত হাজিৰৰ নিৰ্দেশ তিনিওকে।

গুৱাহাটীৰ নিৰ্বাচন বিভাগত কৰ্মৰত ধীৰাজ কুমাৰ জৈন আৰু হাইলাকান্দিৰ 21 APBnৰ কৰ্মৰত দীপাংকৰ দত্ত লহকৰ। বক্ৰপথেৰে APSCত চাকৰি লোৱাৰ অভিযোগ আটাইকেইগৰাকীৰ বিৰুদ্ধে। ইফালে, ২০১৪ চনত APSCত বাচনি হৈছিল মিনাৰ্ভা দেৱী আৰাৱামা। নন্দ বাবু সিঙৰ কন্যা মিনাৰ্ভা দেৱী।

ৰাকেশ পালৰ কাৰ্যকালত APSCৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দবাবু সিং। ২০১৩ৰ মাৰ্চৰ পৰা ২০১৫ চনৰ জুলাই মাহলৈ আছিল প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দবাবু। ২০২২ৰ আগষ্ট মাহত বিপ্লৱ শৰ্মা আয়োগে জেৰা কৰিছিল নন্দবাবু সিঙক। নন্দবাবু সিঙৰ বিৰুদ্ধে APSCত ৪৯ হাজাৰ পৰীক্ষা বহী জ্বলাই দিয়াৰো অভিযোগ উঠিছিল।

২০১৪ চনৰ প্ৰিলিমিনাৰী পৰীক্ষাৰ OMR শ্বীট জ্বলাই দিছিল এই নন্দবাবুৱে। ৰাকেশ পালৰ সোঁহাত স্বৰূপ আছিল নন্দবাবু সিং। ৰহস্যজনক কাৰণত পূৰ্বৰ আৰক্ষীৰ তদন্তত গ্ৰেপ্তাৰ নহ’ল নন্দবাবু সিং। ২০১৪ চনৰ ১৫ মে’ত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল নন্দবাবুৱে। জীয়ৰীয়ে পৰীক্ষা দিয়াৰ বাবে বিচাৰিছিল অব্যাহতি। ১৬ মে’ত চৰকাৰে অব্যাহতি দিয়ে নন্দবাবু সিঙক।