অনলাইন কৰ্মশালাৰ সামৰণি

69

ষ্টাফ ৰিপোৰ্টাৰ, ১ মে’ : প্ৰায় তিনি দশকজুৰি চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ থকা অভিনেতা ইৰফান খান আৰু প্ৰায় ৯২ খন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰা ফিল্মফেয়াৰ বঁটা, ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজয়ী ভাৰতীয় অভিনেতা, চলচিত্ৰ আৰু প্ৰযোজক ঋষি কাপুৰৰ আকস্মিক বিয়োগত চলচ্চিত্ৰ জগতৰ লগতে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পৰিছে। দুই মহাতাৰকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমীয়া ৱিকিমিডিয়া সমাজৰ পৰা মেʼ মাহৰ ৱিকিপত্ৰিকাখন তেওঁলোকলৈ উচৰ্গা কৰা হৈছে। উল্লেখ ৱিকিপত্ৰিকা হৈছে অসমীয়া ৱিকিজগতৰ দাপোণ। পূৰ্বৰ মাহৰ অগ্ৰগতিৰ সাৰাংশ লৈ প্ৰতিমাহে ৱিকিপত্ৰিকা প্ৰকাশ পাই আহিছে অসমীয়া ৱিকিপিডিয়াৰ ৱেবপেজত (as.wikipedia.org)। অসমীয়া ৱিকিপিডিয়া তথা ৱিকিউৎসত কেইজনমান মুষ্টিমেয় সক্ৰিয় সদস্যই নিজৰ ব্যক্তিগত ব্যস্ততাৰ মাজতো অহৰ্নিশে কাম কৰি আছে। লকডাউনৰ সময়খিনিত দহগৰাকীৰো অধিক সক্ৰিয় সদস্য‌ই অভিলেখ সংখ্যক ১৭০ ৰো অধিক নতুন প্ৰবন্ধৰ সৃষ্টি কৰিছে এই এপ্ৰিল মাহত। যিকোনো লোকেই বৰঙণি আগবঢ়াব পৰা, অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ হকে নিৰৱে হৈ থকা এই স্বেচ্ছাসেৱামূলক ক্ষেত্ৰখনৰ বিষয়ে অধিকাংশ‌ই নাজানে। একেকেইজন সক্ৰিয় সদস্য‌ই বৰঙণি আগবঢ়োৱাৰ সমান্তৰালকৈ বাতৰি কাকত, সামাজিক প্ৰচাৰ মাধ্যম ফেচবুক, টুইটাৰ,ইনষ্টগ্ৰাম আদি সকলোতে নিয়মীয়াকৈ সজাগতাৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে। অসমীয়া ৱিকিপিডিয়াৰ নিজাকৈ এক ইউ টিউব চেনেলৰো কাম আৰম্ভ হৈছে য’ত ৱিকি কি,কিয়, কেনেকৈ কৰে ইত্যাদি বিষয়বস্তু উপলব্ধ হোৱাৰ পথত। শেহতীয়াকৈ সাহিত্য সভাৰ সভাপতি কুল শ‌ইকীয়া মহোদয়ৰ আহ্বান তথা ২৫ এপ্ৰিলত ৱিকিপিডিয়ান অনিমেষ বৰাৰ আয়োজনত হৈ যোৱা অনলাইন কৰ্মশালাৰ পিছতে নতুন সদস্য অন্তৰ্ভুক্তিৰ বৃদ্ধি স্বাভাবিকতে এক আশাৰ ৰেঙণি। দুয়োজনলৈ অসমীয়া ৱিকিপিডিয়া সমাজৰ কৃতজ্ঞতা থাকিল। লগতে আৰম্ভণিৰে পৰা আজিলৈকে বৰঙণি আগবঢ়োৱা প্ৰতিজন ৱিকিপিডিয়ানলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আৰু নতুনকৈ একাউণ্ট খোলাসকললৈ শুভেচ্ছা আৰু আদৰণি জনাই অসমীয়া ৱিকিজগতৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। প্ৰতিজন অসমপ্ৰেমী, বিশেষকৈ যুৱ প্ৰজন্ম লৈ এক আহ্বান যে ৰাজনীতিৰ মেৰপাক,সস্তীয়া জনপ্ৰিয়তা,প্ৰতিবাদী সমদল আদিৰ বিপ্লৱৰ সময় উকলি এতিয়া কথাৰে নহৈ কামৰ সময় সমাগত।আহক অসমীয়া ৱিকিজগতৰ এই অভিনৱ অৰ্থপূৰ্ণ যাত্ৰাৰ বিশ্বস্ত সঙ্গী হৈ জীৱন ধন্য কৰোঁ। “