কৃষকৰ এবছৰীয়া ৰাজপথৰ আন্দোলনৰ যেন পৰিসমাপ্তি ঘটিবলৈ গৈ আছে! শুকুৰবাৰে এই ইংগিতকে দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰই প্ৰৱৰ্তন কৰা তিনিখন কৃষি আইন বাতিল কৰা হ’ব। প্ৰতিবাদকাৰী কৃষকসকলক তেওঁলোকৰ বছৰ পুৰণি আন্দোলন সমাপ্ত কৰিবলৈও আহ্বান জনায় মোদীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আইনসমূহ বাতিল কৰাৰ সাংবিধানিক প্ৰক্ৰিয়া সোনকালেই আৰম্ভ হ’ব।
প্ৰধানমন্ত্ৰী হিচাপে তেওঁ যি কৰিছিল সেয়া দেশৰ স্বাৰ্থত বুলি উল্লেখ কৰি মোদীয়ে কয় যে আজিৰ পৰা এক নতুন পৰ্যায় আৰম্ভ হব। তেওঁ কয়, “আমি ৰাজ্যিক আৰু কেন্দ্ৰীয় প্ৰতিনিধি বিশেষজ্ঞসকলৰ সৈতে এখন নতুন সমিতি গঠন কৰিম, যিয়ে এক নতুন পৰিকাঠামোৰ ওপৰত কাম কৰিব।”
তেওঁ লগতে কয় যে ক্ষুদ্ৰ কৃষকসকলক অধিক শক্তিশালী কৰিবলৈ তিনিখন কৃষি আইন প্ৰৱৰ্তন কৰা হৈছিল। এয়া কৃষক, অৰ্থনীতিবিদ আৰু কৃষি বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰা হৈছিল।
অৱশ্যে, কৃষকসকলৰ স্বাৰ্থত গ্ৰহণ কৰা এই উদ্দেশ্য কৃষকৰ এটা গোটে গ্ৰহণ কৰা নাছিল। মোদীয়ে কয়, “এইটো এটা সৰু গোট আছিল, কিন্তু আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি সকলো শালীনতাৰে বুজাবলৈ চেষ্টা কৰিছিলো, আলোচনা কৰিছিলো।”
দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে চৰকাৰে নিজৰ প্ৰচেষ্টাৰ বিষয়ে বুজাবলৈ যত্ন কৰিছিল যদিও হয়তো সেই প্ৰচেষ্টাত ক্ৰুটি ৰৈ যোৱা বাবে বুজাবলৈ সক্ষম নহল। তাৰ বাবে ক্ষমাও বিচাৰে প্ৰধানমন্ত্ৰীয়ে। সেই বাবে কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।